
হজৰত মহম্মদ (ছল্লাল্লাহু ‘আলাইহি ৱাছল্লাম) ইতিহাসৰ অতি প্রভাৱশালী ব্যক্তিসকলৰ মাজত অন্যতম। ইছলাম ধৰ্মত তেওঁ আল্লাহৰ অন্তিম ৰছূল হিচাপে চিৰস্মৰণীয়, কিন্তু তেওঁৰ প্ৰভাৱ কেৱল ইছলাম সমাজতেই সীমাবদ্ধ হোৱা নাই। ভিন্ন ধৰ্ম, ভিন্ন সভ্যতা আৰু ভিন্ন সংস্কৃতিৰ চিন্তাবিদ, সাহিত্যিক, নেতা আৰু দাৰ্শনিকসকলে তেওঁৰ জীৱন আৰু আদৰ্শৰ পৰা অনুপ্ৰেৰণা লাভ কৰিছে। এই বিশ্বজনীন স্বীকৃতি তেওঁৰ মহানুভৱতা আৰু আধ্যাত্মিক শক্তিৰ অমোঘ প্ৰমাণ।
“ইয়াত মই প্ৰবক্তা মহম্মদ (ছঃ)-ৰ বিষয়ে মহান ব্যক্তিত্বসকলে প্ৰকাশ কৰা কিছুমান মূল্যবান মতামতৰ উদাহৰণ আগবঢ়াবলৈ চেষ্টা কৰিছোঁ।
থমাছ কাৰ্লাইল – সত্যৰ অবিচল অনুৰাগী
স্কটলেণ্ডৰ চিন্তাবিদ থমাছ কাৰ্লাইলে আল্লাহৰ ৰচুলক “নিৰ্বেজাল আত্মা” বুলি বৰ্ণনা কৰিছিল। তেওঁৰ মতে, মহম্মদ (ছঃ)-ই সাহসিকতা আৰু সত্যৰ দ্বাৰাই নিজৰ মিশন সফল কৰিছিল।
আলফঁছ দে লামাৰ্তিন – লক্ষ্যৰ মহিমা
ফ্ৰান্সৰ কবি আলফঁছ দে লামাৰ্তিনে লিখিছিল, যদি প্ৰতিভাৰ মানদণ্ড লক্ষ্যৰ বিশালতা, সীমিত সম্পদ আৰু আশ্চৰ্যজনক সফলতা হয়, তেন্তে মহম্মদৰ সৈতে কাক তুলনা কৰিব পাৰি?
লিঅ টলষ্টয় – শান্তিৰ দূত
ৰাছিয়ান দাৰ্শনিক লিঅ টলষ্টয়ে হজৰত মহম্মদ (ছ:)ক নৈতিক সংস্কাৰ আৰু শান্তিৰ দূত হিচাপে আখ্যা দিছিল। তেওঁৰ মতে, কেৱল সত্য আৰু ন্যায়ত বিশ্বাসী এজন ব্যক্তিয়ে এই কৰ্ম সম্পন্ন কৰিব পাৰিছিল।
মাইকেল এইচ. হাৰ্ট – প্ৰভাৱশালীতাৰ শীৰ্ষত
The 100: A Ranking of the Most Influential Persons in History গ্ৰন্থত, মাইকেল এইচ. হাৰ্ট মুহাম্মদ (ছ:)ক প্ৰথম স্থানত ৰাখিছিল। তেওঁ লিখিছিল, “তেওঁ হৈছে ইতিহাসৰ একমাত্ৰ ব্যক্তি, যি ধৰ্মীয় আৰু ৰাজনৈতিক উভয় ক্ষেত্ৰতে সফল হৈছিল।
জৰ্জ বাৰ্নাৰ্ড শ্ব – বিশ্বমানৱৰ নেতা
ইংলেণ্ডৰ নাট্যকাৰ জৰ্জ বাৰ্নাৰ্ড শ্বয়ে হজৰত মহম্মদ(ছ:)ক আধুনিক বিশ্বৰ সম্ভাব্য নেতা হিচাপে উল্লেখ কৰি কৈছিল,” যদি তেওঁ হ’লেহেঁতেন, শান্তি আৰু সুখেৰে বিশ্বক আলোকিত কৰিব পাৰিলেহেঁতেন।”
জেমছ মিচনেৰ – এক অসাধাৰণ মুক্তিদাতা
ইতিহাসবিদ জেমছ মিচনাৰ মুহাম্মদ(ছ:)ক “অসাধাৰণ ব্যক্তিত্বৰ মানুহ” বুলি বৰ্ণনা কৰিছিল। তেওঁৰ মতে, তেওঁ মানৱৰ মাজৰ মূৰ্তিপূজা দূৰ কৰি একেশ্বৰবাদ প্ৰতিষ্ঠা কৰিছিল আৰু সমাজত ন্যায়ৰ মূল্যবোধ স্থাপন কৰিছিল।
উইলিয়াম মুইৰ – স্পষ্ট বাৰ্তাৰ বাহক
ইসলামৰ সমালোচক হিচাপে চিনাক্ত হোৱা সত্ত্বেও উইলিয়াম মুইৰে স্বীকাৰ কৰিছিল যে হজৰত মহম্মদ(ছ:)ৰ বাণী স্পষ্ট, সহজ আৰু তেওঁৰ সাফল্য বিস্ময়কৰ। *মহাত্মা গান্ধী – নম্ৰতাৰ আদৰ্শ* ভাৰতৰ স্বাধীনতা সংগ্ৰামী মহাত্মা গান্ধী মুহাম্মদ(ছ:)ৰ জীৱন অধ্যয়ন কৰাৰ পিছত লিখিছিল: “মই সৰ্বাধিক নিশ্চিত হৈ পৰিলোঁ যে সেই দিনবোৰত ইসলামৰ স্থান প্ৰতিষ্ঠা কৰিবলৈ তলোৱাৰৰ বল প্ৰয়োজন হোৱা নাছিল। ই হৈছিল কঠোৰ সাদৃশ্য, মুহাম্মদ (ছ:)ৰ সম্পূৰ্ণ আত্মত্যাগ, ঈশ্বৰত পূৰ্ণ বিশ্বাস, আৰু কৰ্তব্যত নিৰ্ভীক অৱদান।
বিশ্বজনীন শ্ৰদ্ধাৰ এক নিদৰ্শন
ইউৰোপৰ চিন্তাবিদৰ পৰা ভাৰতৰ স্বাধীনতা নেতালৈকে সকলোৰে হৃদয়ত হজৰত মহম্মদ (ছঃ)-ৰ প্ৰতি শ্রদ্ধা প্ৰকাশ পাইছে। কেতিয়াবা তেওঁ সত্যবাদিতা আৰু সাহসৰ নিদৰ্শন, কেতিয়াবা শান্তি আৰু ন্যায়ৰ দূত, আৰু কেতিয়াবা মহান নেতা হিচাপে প্ৰতিফলিত হৈছে।
এই প্ৰজন্মতো মাইক টাইছন, বাৰাক অৱামা, দালাই লামা আৰু পোপ ফ্ৰান্সিছৰ দৰে মহান ব্যক্তিসকলে প্ৰৱক্তা মুহাম্মদ (ছঃ)-ৰ প্ৰতি গভীৰ সন্মান আৰু কৃতজ্ঞতা প্ৰকাশ কৰিছে। প্ৰায় ১৪০০ বছৰ পাৰ হৈও, তেওঁ এতিয়াও সৰ্বাধিক প্ৰিয়, আৰু তেওঁৰ জীৱন আৰু আদৰ্শ জানিবলৈ ইচ্ছুকসকলৰ বাবে তেওঁৰ চিন্তাধাৰা অমৰ হৈ আছে।
ইতিহাসে স্পষ্ট কৰি দিছে—হজৰত মহম্মদ (ছঃ) কেৱল এটা ধৰ্মৰ সীমাবদ্ধ দিশাৰী নহয়, বিশ্বমানৱৰ বাবে এক শাশ্বত অনুপ্ৰেৰণা, যাৰ শিক্ষাই আজিও মানবজাতিক ন্যায়, দয়া আৰু শান্তিৰ পথত আগবঢ়াই লৈ গৈ আছে।
Refrences:
1) Karen Armstrong – Muhammad: A Prophet for Our Time.
2)Muhammad: His Life Based on the Earliest Sources” by Martin Lings.
3)The Holy Prophet Muhammad in the Eyes of Non-Muslims by Alislam.





Add comment