Where Faith Leads to Fulfillment.

স্বাধীনতা আন্দোলনত অসমৰ ভূমিকা

Writer: মহম্মদ মুশ্বাৰফ

দেশৰ স্বাধীনতা সংগ্রামত অসমতো ব্রিটিছৰ বিৰুদ্ধে প্ৰতিবাদৰ জুই জ্বলি উঠিছিল। পুৰুষ-মহিলা উভয়ে এই সংগ্রামত অংশ লৈছিল। কুশল কোঁৱৰ, মণিৰাম দেৱান, কনকলতা বৰুৱা, মুকুন্দ কাকতি, থগী সুত আদিৰ প্ৰাণত্যাগে আন্দোলনক তীব্ৰ কৰিছিল। তলত অসমৰ কেইগৰাকীমান মহিলা স্বাধীনতা সংগ্ৰামীৰ কথা উল্লেখ কৰা হ’ল।

কনকলতা বৰুৱা, গহপুৰ‘মৃত্যু বাহিনী’ৰ সক্রিয় সদস্যা কনকলতাই ২০ ছেপ্টেম্বৰ ১৯৪২ চনত গহপুৰ থানাত পতাকা উত্তোলনৰ সময়ত ব্রিটিছৰ গুলীত নিহত হয়। বয়স আছিল ১৮ বছৰ।

মালতী মেম (মাংৰি ওৰাং), লালমাটি, দৰং চাহ বাগিচাৰ মদ নিষিদ্ধ আন্দোলনৰ নেত্ৰী মালতী মেম কংগ্ৰেছ স্বেচ্ছাসেৱক সকলক সহায় কৰাৰ বাবে ১৯২১ চনত লালমাটিত ব্রিটিছৰ হাতত নিহত হয়।

দাৰিকী দাসী বৰুৱা, গোলাঘাট আইন অমান্য আৰু নিচা-বিৰোধী আন্দোলনৰ নেত্ৰী দাৰিকী দাসী ১৯৩২ চনত গ্ৰেপ্তাৰ হয়। গৰ্ভৱতী অৱস্থাতো জামিন নাকচ কৰি কাৰাবাসত থাকি অসুস্থতাত মৃত্যু হয়নগাঁও জিলাৰ স্বাধীনতা সংগ্ৰামৰ এগৰাকী বলিষ্ঠ সংগঠক আছিল

ভোগেশ্বৰী ফুকননী। ১৯৪২ চনৰ ১৮ ছেপ্টেম্বৰত বঢ়মপুৰত ত্ৰিৰংগ পতাকা উত্তোলন কৰিবলৈ আগবাঢ়ি যাওঁতে পুলিচৰ গুলীত গুলীবিদ্ধ হয়। গুলীবিদ্ধ হোৱাৰ তিনি দিনৰ পিছত তেখেতে শেষ নিশ্বাস ত্যাগ কৰে।

তিলেশ্বৰী বৰুৱা, ঢেকীয়াজুলি: ১৯২০ চনৰ ২০ ছে প্টেম্বৰত ঢেকীয়াজুলি থানাত পতাকা উত্তোলন কৰিবলৈ যোৱা সমদলকাৰীৰ উদ্দেশ্যে পুলিচে গুলীচালনা কৰাত গুলীবিদ্ধ হৈ থিতাতে মৃত্যুমুখত পৰিছিল তিলেশ্বৰী বৰুৱা ।

বেবতী লাহন, টীয়ক: বেরতী লাহনে ভাৰত ত্যাগ আন্দোলনত সক্রিয়ভাবে অংশগ্রহণ কৰিছিল। ১৯৪২ চনৰ আন্দোলনত অংশগ্রহণ কৰি তেখেতে কাৰাবাস খাটিবলগীয়া হয় আৰু এই সময়ছোৱাতেই নিউম নিয়া বোগত আক্রান্ত হৈ তেখেতৰ স্বাস্থ্য ভাগি পৰে। কাৰাৱাসৰ অন্ত পৰাৰ কিছুদিন পিছতেই তেখেতৰ মৃত্যু ঘটে। পদুমী গগৈ, ঢেকীয়াজুলি, ১৯৪২ চনৰ ২০ ছেপ্টেম্বৰৰ ঢেকীয়াজুলিৰ ত্যাগ আন্দোলনৰ সমদলত অংশগ্রহণ কৰা পদুমী গণে পুলিচৰ লাঠীচালনাত আঘাতপ্রাপ্ত হৈছিল পিছত তেখেতক গ্রেপ্তাৰ কৰি ছমাহৰ কাৰাবাসৰ হুকুম দিয়া হৈছিল। কিন্তু লাঠীৰ দ্বাৰা আঘাতপ্রাপ্ত হৈ শৰীৰ ভাগি পৰাত কাৰাবাসৰ অন্ত পৰাৰ পিছতে মৃত্যুবৰণ কৰে।

পদুমী গগৈ, ঢেকীয়াজুলি: ১৯৪২ চনৰ ২০ ছেপ্টেম্বৰৰ ঢেকীয়াজুলিব ভাৰত ত্যাগ আন্দোলনৰ সমদলত অংশগ্রহণ কৰা পদুমী গগৈ পুলিচৰ লাঠীচালনাত আঘাতপ্রাপ্ত হৈছিল। পিছত তেখেতক গ্ৰেপ্তাৰ কৰি ছমাহৰ কাৰাবাসৰ হুকুম দিয়া হৈছিল। কিন্তু লাঠীৰ দ্বাৰা আঘাতপ্রাপ্ত হৈ শৰীৰ ভাগি পৰাত কাৰাবাসৰ অন্ত পৰাৰ পিছতে মৃত্যুবৰণ কৰে।

গোলাপী চুতীয়ানী, ঢেকীয়াজুলি: ১৯৪২ চনৰ ২০ ছেপ্টেম্বৰত ভাৰত ত্যাগ আন্দোলনৰ সমদলত অংশগ্রহণ কৰিছিল ঢেকীয়াজুলিৰ গোলাপী চুতীয়ানীয়ে। পুলিচে বাধা দিবলৈ গুলীচালনা কৰাৰ লগতে লাঠীচালনাও কৰিছিল। এই লাঠীচালনাতে গুৰুতৰভাবে আঘাতপ্রাপ্ত হৈছিল গোলাপী চুতীয়ানী। পিছত এই আঘাতৰ ফলতে তেখেতৰ মৃত্যু ঘটে।

১৮৫৭–৫৮ চনৰ বিদ্ৰোহৰ কাৰণ ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰে অসম ইংৰাজৰ অধীন হয়। জনসাধাৰণ ভাল শাসনৰ আশা কৰিছিল, কিন্তু শোষণ-বঞ্চনাই অসন্তুষ্ট কৰে। অভিজাত শ্রেণীৰ সামাজিক মর্যাদা হ্ৰাস পায়, লাখেৰাজ জমি কাঢ়ি লোৱা হয়, আৰু নতুন প্রশাসনত বাঙালী কৰ্মচাৰীৰ আধিপত্যে ইংৰাজ-বিৰোধিতা বৃদ্ধি কৰে। ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহত অসমেও যোগ দিয়াৰ চেষ্টা হয় যদিও সফল হোৱা নাছিল।

মণিৰাম দেৱানৰ ভূমিকা আহোম ৰাজতন্ত্র পুনৰুদ্ধাৰৰ উদ্দেশ্যে মণিৰাম দেৱানে কন্দর্পেশ্বৰ সিংহক সিংহাসনত বহুৱাবলৈ ষড়যন্ত্র কৰে। কলিকতাত অস্ত্ৰৰ ব্যৱস্থা কৰি বিদ্ৰোহৰ পৰিকল্পনা কৰে। কিন্তু চিঠি ধৰা পৰাত ষড়যন্ত্র উদ্ঘাটিত হয়। কন্দর্পেশ্বৰ সিংহ আটক হয় আৰু ১৮৫৮ চনত মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ফাঁচি দিয়া হয়।

আমাৰ অসমত হোৱা কিছু যুদ্ধ: ফুলগুৰি ধেবা (১৮৬১)আয়কৰ বৃদ্ধি, আফু খেতি নিষিদ্ধ, চাপৰিৰ মাটিত খাজনা বৃদ্ধি আদি কাৰণে কৃষকৰ ৰোষ বৃদ্ধি পায়। ফুলগুৰিত এক বৃহৎ ৰাইজমেলত ইংৰাজ বিষয়া চিংগাৰক হত্যাৰ পিছত গুলীচালনাত ৩৯জন নিহত হয়, বহুজন বন্দী হয়।

১৮৯৪ চনৰ উত্তৰ কামৰূপৰ কৃষক বিদ্ৰোহ ১৮৯২ চনত খাজনা দুগুণ কৰাত ৰঙিয়া, লচিমা আদি অঞ্চলত ৰাইজমেল অনুষ্ঠিত হয়। খাজনা নিদিয়াৰ সিদ্ধান্ত, খাজনা দিয়া কৃষকৰ সমাজচ্যুতিৰ ঘোষণা হয়। উত্তেজনা বৃদ্ধিৰ সময়ত আৰক্ষীয়ে গুলীচালনা কৰাৰ উপক্রম কৰিলে আৰু বিদ্ৰোহ দমন কৰে।

১৮৯৪ চনৰ পথৰুঘাট কৃষক বিদ্ৰোহ বৰ্ষিত খাজনাৰ বিৰুদ্ধে পথৰুঘাটত তিনিদিনীয়া ৰাইজমেল হয়। আৰক্ষী-বাহিনী আহিলেও কৃষকসকল আঁতৰাব নোৱাৰিলে। উত্তেজনাৰ সময়ত গুলীচালনাত চৰকাৰী তথ্য মতে ১৫জন নিহত, বেচৰকাৰী মতে প্ৰায় ১৪০জন নিহত হয়।এইদৰে অসমত বিভিন্ন আন্দোলন, বিদ্ৰোহ আৰু ত্যাগৰ জৰিয়তে স্বাধীনতাৰ জুই প্ৰজ্বলিত হৈছিল, আৰু অসমীয়াই ভাৰতৰ স্বাধীনতা সংগ্রামত বিশেষ ভূমিকা পালন কৰিছিল।

References

1- বৰুৱা, হেমন্ত কুমাৰ। অসমৰ স্বাধীনতা আন্দোলনৰ ইতিহাস। গুৱাহাটী: অসম প্ৰকাশন পৰিষদ, ২০০৪।

2- গগৈ, লক্ষ্মীনাথ। অসমৰ স্বাধীনতা সংগ্রামত মহিলাৰ ভূমিকা। জোরহাট: চেতনা প্ৰকাশন, ২০১২।

3- Goswami, Priyam. The History of Assam: From Yandaboo to Partition, 1826–1947. New Delhi: Orient BlackSwan, 2012.

4- Neog, Maheswar. Assamese Resistance to British Rule (1826–1947). Gauhati: Lawyers Book Stall, 1990.

5- Nath, D. Peasant Resistance in Assam: Cases from 19th Century. New Delhi: Manohar Publishers, 2008.

Editor One

Add comment

Follow us

Don't be shy, get in touch. We love meeting interesting people and making new friends.

Most popular

Most discussed