
ভূমিকা
মিলাদুন্নবী ইছলামিক বৰ্ষপঞ্জীৰ ৰবিউল আওৱাল মাহৰ ১২ তাৰিখত পালন কৰা হয়। এই পৱিত্ৰ দিনটো মানৱজাতিৰ বাবে আল্লাহৰ শেষ আৰু চিৰস্থায়ী বাণীৰ বাহক, বিশ্ববাসীৰ বাবে ৰহমত স্বৰূপ, মহানবী হজৰত মুহাম্মাদ (ছল্লাল্লাহু আলাইহি ৱাসাল্লাম)-ৰ জন্মদিন। এই দিনটো কেৱল উৎসৱ-অনুষ্ঠানৰ মাজতেই সীমাবদ্ধ নহয়; ই হ’ল মহানবী (ছাঃ)- ৰ সমগ্ৰ জীৱন আৰু শিক্ষা চিন্তা-চৰ্চা আৰু প্ৰয়োগ কৰাৰ এক মহৎ সুযোগ। তেওঁৰ শিক্ষাসমূহৰ মাজত শান্তি, সহিষ্ণুতা আৰু ভ্ৰাতৃত্ববোধই এক গুৰুত্বপূৰ্ণ স্থান দখল কৰি আছে, যি বৰ্তমানৰ এই অস্থিৰ বিশ্বত আগতকৈয়ো বেছি প্ৰাসংগিক।
শান্তিৰ বাণী: ইছলামৰ অভিধানিক অৰ্থ :
ইছলাম অৰ্থাৎ শান্তি আৰু সুৰক্ষা। ইছলামৰ মূল সাৰাংশ হ’ল আল্লাহৰ ওচৰত আত্মসমৰ্পণ কৰি আন্তৰিক শান্তি লাভ কৰা আৰু সমাজত শান্তি স্থাপন কৰা। পবিত্ৰ কুৰআনত আল্লাহে কৈছে: “وَاللَّهُ يَدْعُو إِلَىٰ دَارِ السَّلَامِ وَيَهْدِي مَن يَشَاءُ إِلَىٰ صِرَاطٍ مُّسْتَقِيمٍ)“আৰু আল্লাহে তোমালোকক শান্তিৰ ঘৰলৈ আমন্ত্ৰণ জনাই আৰু যিজনক ইচ্ছা কৰে তাকেই সঠিক পথলৈ পৰিচালিত কৰে।”(সূৰা ইউনুস, আয়াত: ২৫)এটা হাদীছত ৰাছুলুল্লাহ (ছাঃ)-এ কৈছে: “الْمُسْلِمُ مَنْ سَلِمَ الْمُسْلِمُونَ مِنْ لِسَانِهِ وَيَدِهِ” (ছহীহ বুখাৰী, হাদীছ নং ১০) অৰ্থ: “মুছলিম হ’ল সেই ব্যক্তি যাৰ জিভা আৰু হাতৰ পৰা অন্যান্য মুছলমান সুৰক্ষিত থাকে।”মহানবী (ছাঃ)-ৰ জীৱন আছিল এই শান্তিৰ বাণী প্ৰচাৰ আৰু প্ৰয়োগৰ এক জ্বলন্ত উদাহৰণ। মক্কাৰ কুফৰী আৰু অত্যাচাৰৰ বিপৰীতে তেওঁ ধৈৰ্য্য আৰু শান্তিৰে নিজৰ অভিজান আগবঢ়াই নিছিল। মক্কা বিজয়ৰ পিছত যিদিনা তেওঁৰ শত্ৰুৱেও তেওঁৰ ক্ষমা শক্তিৰ সন্মুখীন হ’বলগীয়া হৈছিল, সিদিনা তেওঁ কৈছিল, “আজি তোমালোকৰ বিৰুদ্ধে কোনো অভিযোগ নাই। যোৱা, তোমালোক সকলো মুক্ত।” এই ক্ষমাশীলতাই এটা ৰক্তপাতহীন বিজয়ৰে মক্কাত শান্তি স্থাপন কৰিছিল।
সহিষ্ণুতা: ধৰ্মীয় আৰু সামাজিক সহাবস্থান:
মদীনাত এখন বহু-ধৰ্মীয় আৰু বহু-জাতীয় সমাজ গঢ়ি তুলিবলৈ মহানবী (ছাঃ)-এ ‘মদীনা ছনদ’ নামৰ এখন চুক্তি প্ৰস্তুত কৰিছিল। এই ছনদখন আধুনিক সময়ৰ বাবে ধৰ্মীয় সহিষ্ণুতা আৰু ৰাজনৈতিক দূৰদৰ্শিতাৰ এক উল্লেখযোগ্য দলিল। ইয়াত ইহুদী, খ্ৰীষ্টান আৰু অন্যান্য গোত্রসমূহক তেওঁলোকৰ ধৰ্ম-কর্ম স্বাধীনভাৱে পালন কৰাৰ অধিকাৰ দিয়া হৈছিল।
কুৰআনত আল্লাহে সহিষ্ণুতাৰ কথা সুস্পষ্টভাৱে কৈছে:
“لَا إِكْرَاهَ فِي الدِّينِ قَد تَّبَيَّنَ الرُّشْدُ مِنَ الْغَيِّ“ধৰ্মৰ বিষয়ত কোনো জবৰদস্তি নাই।”(সূৰা আল-বাকাৰা, আয়াত: ২৫৬)এবাৰ এটা মছজিদত নামাজ পঢ়ি থকা অৱস্থাত এজন বেদুইনে মহানবী (ছাঃ)-অৰ ওপৰত মল-মূত্ৰ ত্যাগ কৰিলে। ছাহাবীয়ে খং উঠি তেওঁক শাস্তি দিব খুজিল, মহানবী (ছাঃ)-এ বাধা দি কৈছিল, “তাক এৰি দিয়া,” আৰু শান্তভাৱে তেওঁক বুজাই পঠিয়াই দিলে। তেওঁৰ এই সহনশীলতা আৰু নম্ৰতাই পৰৱৰ্তী সময়ত সেই ব্যক্তিৰ ইছলাম গ্ৰহণত অৰিহণা যোগাইছিল।
ভ্ৰাতৃত্ববোধ: সামাজিক ন্যায় আৰু সমতা :
মক্কাৰ পৰা মদীনালৈ হিজৰত কৰাৰ পিছত মহানবী (ছাঃ)-এ আনছাৰ (স্থানীয় চাহাবী) আৰু মুহাজিৰ (পৰিব্ৰাজক চাহাবী) সকলৰ মাজত এক ভ্ৰাতৃত্ববোধ স্থাপন কৰিছিল। এই ব্যৱস্থাৰ জৰিয়তে তেওঁলোকে পৰস্পৰক ভাই বুলি গণ্য কৰিছিল আৰু সম্পত্তি, ঘৰ আদি ভাগ-বতৰা কৰিছিল। এই ভ্ৰাতৃত্ববোধ কেৱল কথামাত্ৰ নাছিল; ই আছিল এক কাৰ্য্যকৰী আৰু আন্তৰিক সম্পৰ্ক।
এটা হাদীছত মহানবী (ছাঃ)-এ কৈছে:
“এজন মুমিন আনজন মুমিনৰ বাবে এখন ধালৰ দৰে, যাৰ এটা অংশই আনটো অংশক দৃঢ়তা প্ৰদান কৰে।”(ছহীহ বুখাৰী)তেওঁ সমাজৰ দুৰ্বল শ্ৰেণীৰ লোকসকলৰ প্ৰতি বিশেষ দৃষ্টি ৰাখিছিল। এতিম, বিধৱা, দাস-দাসী আৰু গৰীব- দুখীয়াসকলৰ সহায়-সহযোগিতাক তেওঁ ইমান গুৰুত্ব দিছিল যে কৈছিল, “এতিমৰ অভিভাৱক আৰু মই বেহেস্তত এনেভাৱে থাকিম,” আৰু তেওঁ নিজৰ দুটা আঙুলি একেলগে দেখুৱাইছিল।(ছহীহ বুখাৰী)
পৰিয়াল আৰু মহিলাৰ মৰ্যাদা :
মহানবী (ছাঃ)-এ মহিলাসকলক প্ৰদান কৰা মৰ্যাদা তেতিয়াৰ সমাজত এক বিপ্লৱিক পৰিবৰ্তন আনি দিছিল। তেওঁ কৈছিল: خَيْرُكُمْ خَيْرُكُمْ لِأَهْلِهِ“তোমালোকৰ মাজত সেই ব্যক্তিয়েই শ্ৰেষ্ঠ যি নিজৰ পত্নীৰ প্ৰতি শ্ৰেষ্ঠ ব্যৱহাৰ কৰে।” (সুনান ইবনে মাজাহ)তেওঁ কন্যা সন্তানক জীয়াই থকাৰ অধিকাৰ দিয়া, মহিলাসকলৰ উত্তৰাধিকাৰৰ অধিকাৰ প্ৰতিষ্ঠা কৰা, আৰু জ্ঞান আহৰণ কৰাটো প্ৰত্যেক মুসলিমৰ (পুৰুষ আৰু মহিলা) কৰ্তব্য বুলি ঘোষণা কৰা আদিয়ে তেওঁৰ শিক্ষাৰ অংগ।
উপসংহাৰ :
মিলাদুন্নবী হ’ল মহানবী হজৰত মুহাম্মাদ (ছল্লাল্লাহু আলাইহি ৱাসাল্লাম)-অৰ জীৱনীক সোঁৱৰণ কৰা আৰু সেই শিক্ষাবোৰ নিজৰ জীৱনত প্ৰয়োগ কৰাৰ এক পৱিত্ৰ আহ্বান। তেওঁৰ জীৱন আৰু বাণীয়ে আমাক শান্তিৰে বাস কৰা, ধৰ্ম-বৰ্ণ নির্বিশেষে সকলোৰে প্ৰতি সহিষ্ণু হোৱা, আৰু এক সঁচা ভ্ৰাতৃত্ববোধেৰে একতা গঢ়ি তোলাৰ পথ দেখুৱাইছে। এই দিনটো উদযাপন কৰাৰ সঁচা অৰ্থ হ’ল তেওঁৰ চৰিত্ৰৰ এই গুণসমূহ অংগীকাৰ কৰি লোৱা। এয়া এনে এক শিক্ষা যি কেৱল মুছলিম সমাজৰ বাবেই নহয়, বৰং সমগ্ৰ মানৱজাতিৰ বাবে শান্তি আৰু কল্যাণৰ বাট মুকলি কৰিব পাৰে।
“اللهم صلى على محمد وعلى آل محمد كما صليت على إبراهيم وعلى آل إبراهيم إنك حميد مجيد”“আল্লাহুম্মা ছাল্লি আলা মুহাম্মাদিন, ৱা আলা আলি মুহাম্মাদিন, কামা ছাল্লাইতা আলা ইব্ৰাহীমা, ৱা আলা আলি ইব্ৰাহীমা, ইন্নাকা হামীদুম মাজীদ।”
(হে আল্লাহ! মুহাম্মাদ আৰু তেওঁৰ বংশধৰৰ ওপৰত আপুনি ৰহমত অৱতীৰ্ণ কৰক, যিদৰে ইব্ৰাহীম আৰু তেওঁৰ বংশধৰৰ ওপৰত ৰহমত অৱতীৰ্ণ কৰিছিল। নিশ্চয় আপুনি প্ৰশংসনীয়, গৌৰৱান্বিত।)





Add comment