Where Faith Leads to Fulfillment.

কোৰআনঃ আল্লাহৰ পৰা মানৱ জাতিলৈ এক উজ্জল পদ নিৰ্দশক।

ইছলাম ধৰ্মৰ পৱিত্ৰ ধৰ্মীয় গ্ৰন্থ হৈছে ‘’আলকোৰআন”।এই সমগ্ৰ বিশ্ববাসীক সঠিক পথৰ সথিক পথৰ সন্ধান দিয়ে, যিটো বাস্তৱয়িকভাৱে সকলো মানুহৰ কাৰণে গ্ৰহণ কৰাটো অপৰিহাৰ্য। পৱিত্ৰ কোৰআন শ্বৰীফ এনে এখন গ্ৰন্থ য’ত কেৱল ইবাদত বা উপাসনা পদ্ধতিৰ মাৰ্গ দৰ্শনৰ মাজতে সীমাবদ্ধ নহয়, বৰঞ্চ এই মহাগ্ৰন্থখনত আধ্যাত্মিক ,নৈতিক, পাৰিবাৰিক,ৰাজনৈতিক,অৰ্থনৈতিক, ৰাষ্ট্ৰীয়, ব্যৱসা-বাণিজ্য আৰু লেনদেন ইত্যাদিকে আদি কৰি মানৱ জীৱনৰ সমগ্ৰ দিশৰে সমাধান বিদ্যমান।

পৱিত্ৰ কোৰআন শৰীফৰ যাবতীয় প্ৰকাৰৰ দিশ-নিৰ্দেশনাৰ বাস্তৱ তথা ব্যাৱহাৰিক ৰূপ প্ৰদান কৰিছিল আল্লাহৰ প্ৰিয় নবী হজৰত মুহাম্মদ(ছঃ) সেয়েহে যেতিয়া তেওৰ কনিষ্ঠতম স্ত্ৰী *হজৰত আয়েশা (ৰাঃ) ক নবী (ছঃ) ৰ চৰিত্ৰৰ বিষয়ে প্ৰশ্ন শুধা হৈছিল তেতিয়া তাই উত্তৰ দিছিল ‘’ তোমালোকৰ নবীৰ চৰিত্ৰ আছিল ‘’আল কোৰআন’’।*

কোৰআন শৰীফ আল্লাহৰ তৰফৰ ফালৰ পৰা ঐশ্বৰিক বাণী যিটো ফেৰেস্তা জীব্ৰাইল (আঃ) ৰ জৰিয়তে নবী (ছঃ)ক ওহী তথা বাণী পঠোৱা হৈছিল ।কোৰআন হৈছে পৃথিৱীৰ ভৃকুত আটাইতকৈ গধুৰ তথা আত্ম্যধিক ভাৱে ইয়াৰ গোটেই ভৰ নবি (ছঃ)ৰ বাহিৰে কোনেও সহ্য কৰিব নোৱাৰে। ইয়াক কেন্দ্ৰ কৰি আল্লাহ তায়াল কৈছেঃ ( *لو أنزلنا هذا القرآن علي جبل …الالخ)* যদি মই( স্বয়ং আল্লাহ তায়ালা) এই কোৰআন শ্বৰীফৰ কোনোবা পাহাৰৰ ওপৰত অৱতিৰ্ণ কৰিলোহেঁতেন সেই পাহাৰখনক আপুনি ধ্বংসময় আৰু টুকুৰা-টুকুৰা হিচাপে দেখিব পাৰিলেহেঁতেন।

হাদিস শ্বৰীফত স্পষ্ট ভাৱে পৰিলক্ষিত হয় যে যেতিয়া নবী(ছঃ)ৰ ওপৰত ওহী নাজিল হৈছিল তেতিয়া তেওঁ খুবেই ভীতিগ্ৰস্থ ভাৱে মূৰখনক তলৰ ফালে দাঙি দিছিল নিশ্চিতভাৱে ইমান এখন ডাঙৰ বোজা ইয়াক গ্ৰহন কৰা কষ্টকৰ হবই। মুঠতে কোৰআনক কেন্দ্ৰ কৰি ইয়াত কোৰআনৰ মহত্ব আৰু গুৰুত্বপূৰ্নতা কিমান বেছি সেয়া বুজোৱা হৈছে। আল্লাহহ আন আন পয়গম্বৰ যেনে *দাউদ(আঃ) মুছা (আঃ) আৰু ইছা (আঃ)* ৰ ওপৰত নাজিল কৰা আছমানী কিতাপবোৰ ক্ৰমে *জবুৰ ,তৌৰাত আৰু ইঞ্জিল* নাইবা অইন কোনো গ্ৰন্থৰ নিচিনা নহয় কোৰআন শ্বৰীফ।কাৰণ কোৰআনৰ সংৰক্ষণৰ দায়িত্ব আল্লাহ তায়ালা স্বয়ং নিজে লৈছে, কোৰআনত নাজিল হৈছেঃ ‘’ *নাহনু নাজ্জালনা জিকৰা ওৱা ইন্না লাহু লাহাফিজুন ’’ **( *نحن نزلنا الذكر و إنا له لحافظون* )* অৰ্থাৎ আমি এই কোৰআন শ্বৰীফক অৱতিৰ্ণ কৰিছো আমিয়েই ইয়াৰ ৰক্ষনাবেক্ষন দিম।

কোৰআন শ্বৰীফৰ ওপৰত যিসকলে সন্দেহৰ চকুৰে দৃষ্টি উত্থাপন কৰে আৰু আল্লাহৰৰ বানী বুলি বিশ্বাস নকৰে সিহঁতৰ বাৱে এই আয়াতত কোৱা হৈছে যে ‘’আমি যিবোৰ অৱতিৰ্ণ কৰিছে তাত যদি সন্ধেহ থাকে তেনেহলে ককোৰআনৰ পৰা এটা ছুৰা সদৃশ্য ছুৰা এটি লৈ আনি দেখুওৱা আৰু তোমালোকে আল্লাহৰ বাহিৰে সকলো সতীৰ্থবোৰক মাতি আনা যদি তোমালোকে নোৱাৰা নিশ্চয় কৰিব নোৱাৰা তেনেহলে সেই নৰকক ভয় পোৱা যিটোৰ জ্বালা হৈছে মানুহ আৰু পাথৰ, অবিশ্বাসী কাফেৰ সকলোৰ বাবে প্ৰস্ততিত। ছুৰা বাকাৰাহ -২৩-২৮)। নবী (ছঃ)ৰ যুগত কাব্য বিভাগৰ ক্ষেত্ৰত তেওঁলোকে বহুতো উন্নত আছিল আৰু তাৰে মাজত প্ৰসিদ্ধ কবি আৰু লেখকবোৰ খুবেই পাৰ্গত আছিল ।আৰু কোৰআনৰ চেলেঞ্জখন কোনোৱে লব পৰা নাছিল। আৰু তেনেকুৱাও নহয় যে তাৰ বিষয়ত কোনোবাই গুৰুত্ব দিয়া নাছিল । বহুতেই সেই চেষ্টাৰ ক্ষেত্ৰত পৰিশ্ৰমেৰে ৰাতি দিন এক কৰি দিছিল যদিও তেওঁলোকে সফলতা অৰ্জন কৰিব পৰা নাছিল।ইতিহাসত বিৰলভাবে সাক্ষি হৈ আছে যে একমাত্ৰ কোৰআনেই হৈছে এনে এখন ধৰ্মীয় গ্ৰন্থ যিটোৰ বিষয়ে পৃথিৱীৰ ভূকুত আটাইতকৈ বেছি চৰ্চিত হৈ থাকে ।আমালোকৰ মাজত কেতিয়াবা পৰ্যালোচনা আৰু কেতিয়াবা লৈ বিৰোধ মন্তব্য দেখিবলা পোৱা যায়। কিন্তু আমি কোৰআন খন বুজিবলৈ হলে আৰু এই কোৰআনক ভ্ৰান্তি ভংগ কৰিবলৈ হলে কিছুমান শিক্ষা সমূহ বাধ্যতামূলকঃ

ক) সেইসময়ৰ ইতিহাস,সমাজ-ব্যৱস্থা ,ৰাজনৈতিক ব্যৱস্থা, অৰ্থনৈতিক ব্যৱস্থা ।

খ) আৰবীক ভাষা, ইয়াৰ ক্ষেত্ৰত আমি ইয়াৰ তত্ত্ব ঞ্জান সহ সেই *১৪০০ বছৰ আগৰ (Classical Arabic* language) আৰবী ভাষা শিকিব লাগিব ।

যিটো বৰ্তমানত থকা অইন ভাষাৰ লগত সং মিশ্ৰনত থকা আৰবী ভাষা নহয়। *গ* ) কোনো এটা আয়াত নাজিল হোৱা প্ৰক্ষাপট , তাৰ দৰ্শনতত্ব ,আৰু নবী (ছঃ) এ সেই আয়াত সমূহৰ ভাৱ প্ৰকাশ ছাহাবা সকলৰ মাজত কেনে দৰে বুজাইছিল।ইয়াৰ উল্লেখিত কথাবোৰৰ মাজত আয়াত নাজিল হোৱাৰ প্ৰেক্ষাপট জনাটো হৈছে আটাইতকৈ জৰুৰী কথা । মই এতিয়া আপনালোকক উদাহাৰণস্বৰূপে মদ (সুৰা) হাৰাম তথা অবৈধতাৰ বিষয়ে প্ৰকাশ কৰিবলৈ চেষ্টা কৰিম ।আমি জানো যে আৰবত নবী (ছঃ)ৰ আৰ্বিভাৱ হোৱালৈকে সেই যুগটোক *আয়ামে জাহিলিয়াহ* ৰ দৈনন্ধীন জীৱনত সুৰা পান অবিহনে থাকিব নোৱাৰিছল । আৰু আৰবত জনপ্ৰিয় হৈ উঠা আঙুৰৰ সুৰা স্বাস্থ্য আৰু বেমাৰ মুক্তিৰ বাবেই উপযোগী হৈ আছিল বুলি সকলোৱে ধাৰণা কৰিছিল। কিন্তু বাস্তৱিক ভাৱে এজন সুৰা আশুক্তি ব্যক্তিয়ে তেওঁৰ ভাৰসাম্য হেৰাই পেলাই আৰু শেষ পৰ্যায়ত সমাজত বেয়া কাৰ্য্য কলাপত লিপ্ত হৈ থাকে। এই পৰিস্থিতিৰ কাৰণে এজন মানুহৰ সুন্দৰ জীৱন খন অন্দকাৰময় হৈ পৰে।সেয়েহে ইছলাম ধৰ্মৰ আৰম্ভণিত কিছুমানে সুৰাগ্ৰহণ কৰিছিল ,কোৰআনত সৰ্বপ্ৰথমে সুৰাক কেন্দ্ৰ কৰি আয়াত নাজিল হৈছিল। উল্লেখিত আয়াত ফাকীত সুৰাক ডাইৰেক্ট নিষিদ্ধ কৰা হোৱা নাই। *কেৱল লাভত কৈ মদৰ বেয়া প্ৰাদূৰ্ভাৱ বেছি সেইকথা উল্লেখ কৰা হৈছে* ।এই আয়াত নাজিলৰ পিছতো একাংশ লোকে মদ ব্যাৱহাৰ কৰিছিল তেতিয়া দ্বিতীয়া পৰ্যায়ত কোৰআন শ্বৰীফত নাজিল হৈছিল ‘ *হে বিশ্বাসী সকল তোমালোকে নামাজৰ ওচৰতো নাযাবা যেতিয়াতোমালোকে নিচাগ্ৰস্থ হৈ থাকা।* এই আয়াত ফাকীৰ জৰীয়তে অকল নামাজ পৰাৰ বিৰত থাকিবলৈ আল্লাহ তায়ালাই নিৰ্দেশ দিছে । সেয়েহে তথাপিওঁ কিছুমান মুছলমানৰ মাজত সুৰা পানৰ অভ্যাস একেবাৰে শেষ হৈ যোৱা নাছিল।

তেতিয়া অন্তিম পৰ্যায়ত সুৰাৰ বিষয়ে আন এটা নাজিল হৈছিল। এই আয়াত ফাকীত সম্পূৰ্ণ ৰূপে সুৰাপান কৰা অবৈধ তথা ই হাৰাম বুলি ঘোষনা কৰি দিয়া হৈছে ।এই আয়াত নাজিল হোৱাৰ পিছত ইছলাম ধৰ্মত মদ একেবাৰেই নিষিদ্ধ কৰি দিয়া হৈছে । আৰু এই বিষয় বস্তুক কেন্দ্ৰ কৰি নবী (ছঃ) ৰ বিভিন্ন হাদিছ বৰ্ণনা কৰা হৈছে। শৰীয়ত এই নিষিদ্ধ সুৰা পাণ কৰা কাৰ্য্যক লৈ বিভিন্ন মাছআলা বনোৱা হৈছে ,যেনেকুৱা ইয়াৰ শাস্তিৰ নিৰ্ধাৰণ ইত্যাদি । গতিকে কোনোৱাই যদি প্ৰথম পৰ্যায়ৰ আয়াত লৈ চিঞৰি থাকে যে ইছলামত মদ পান কৰা বৈধ তেনেহলে সেয়ৈ খুবেই উদ্ধেগ জনক মন্তব্য । আন কি একাংই কোৰআনৰ অপব্যাখ্যা কৰিবলৈ লয় কিন্তু সেই আয়াতৰ সবিশেষ তথ্য নাজানিলে কেনেকুৱা হব ।প্ৰথমতে কোৰআনৰ তাফছীৰ পঢ়িব লাগিব।কোৰআনৰ এনেকুৱা বিভিন্ন ধৰনৰ আয়াত আছে যদি আমি মাত্ৰ তাৰ অভিধানিক অৰ্থলৈ যুক্তি দৰ্শাত কেতিয়াও সত্যৰ ফালে আগুৱাব নোৱাৰিম আৰু সেই ৰহস্য ভেদ কৰিব নোৱাৰিম। আল্লাহ তায়ালাই আমাক বুজিবলৈ তৌফিক দান কৰে যেন আমিন।

Editor One

Add comment

Follow us

Don't be shy, get in touch. We love meeting interesting people and making new friends.

Most popular

Most discussed