Where Faith Leads to Fulfillment.

আশাবোৰ এতিয়া বটলত আবদ্ধ: এখন নিষ্ঠুৰ পৃথিৱীৰ বোজা বইছে এই বটল সমূহে

উত্তৰ আফ্ৰিকাৰ পৰা গাজালৈ পঠিওৱা বটলবোৰ: বাৰ্তাটো পাৰ হ’বনে?

লিখক: হালিমুজ জামান

গাজাৰ যন্ত্ৰণাৰ ছাঁত,য’ত বায়ু হতাশাৰে গধুৰ হৈ পৰিছে আৰু মাটিয়ে নিৰ্দয় অবৰোধৰ ভাৰত কঁপি উঠিছে, ভূমধ্য সাগৰত এক নীৰৱ বিদ্ৰোহৰ ঢৌ দেখা দিছে। ইজিপ্ত, লিবিয়া, টিউনিছ, মৰক্কোৰ সাগৰপাৰৰ সাধাৰণ মানুহ – মাছমৰীয়া, শিক্ষক, মহিলা আৰু শিশুৱে – প্লাষ্টিকৰ আধা-ভৰা বটলত চাউল, মাহ আৰু খেজুৰ ভৰাই, সাৱধানে মুখ বান্ধি সাগৰলৈ উটুৱাই দিছে। সাগৰৰ ঢৌত উটি ফুৰা এই বটলবোৰে কেৱল খাদ্য নহয়, এটা বাৰ্তাও কঢ়িয়াই আনিছে:মানৱতাৰ প্ৰতি এক বৃহৎ প্ৰশ্ন আৰু লগতে ভোকৰ বিৰুদ্ধে এক অভিযান , ইজৰাইলৰ দমনমূলক অবৰোধৰ বিৰুদ্ধে এক প্ৰতীকী সংগ্ৰাম,আৰু বিশ্বৰ বিবেক জগোৱাৰ বাবে এক আহ্বান।এই ধাৰণাৰ উৎপত্তি কোনো চৰকাৰী কাৰ্যালয়ত নহয়, বৰং জাপানত বাস কৰা এজন ইজিপ্তীয় অভিযন্তা ড॰ আহমেদ ইয়াছিনৰ হৃদয়ত।

গাজাৰ ক্ষুধাৰ্ত মানুহৰ কান্দোন সহ্য কৰিব নোৱাৰি, তেওঁ প্ৰাচীন বটল-বাৰ্তাৰ পৰম্পৰাক অনুসৰণ কৰি এটা সহজ কিন্তু গভীৰ কাৰ্যৰ প্ৰস্তাৱ দিয়ে: আধা-ভৰা বটলত শুকান খাদ্য ভৰাই সাগৰৰ সোঁতলৈ এৰি দিয়া, আৰু প্ৰাৰ্থনা কৰা যে সেইবোৰ গাজাৰ সাগৰপাৰলৈ যায় ।বিজ্ঞানৰ ভিত্তিত ইয়াৰ সফলতা অনিশ্চিত – সাগৰৰ সোঁতত এই বটলবোৰ গাজালৈ গৈ পাব নে নাই সেইয়া অনুমান কৰাটো কঠিন। কিন্তু ইয়াৰ প্ৰেৰণাটো নিৰ্বিবাদ: এইয়া হৈছে মৰমৰ, একাত্মতাৰ, আৰু ইজৰাইলৰ অবৰোধৰ বিৰুদ্ধে এক প্ৰতিবাদৰ অভিব্যক্তি – যিয়ে গাজাক শ্বাসৰুদ্ধ কৰি ৰাখিছে, ২০ লাখতকৈও অধিক লোকক দুৰ্ভিক্ষৰ কাষলৈ ঠেলি দিছে।চিন্তা কৰক এই দৃশ্যটো: ইজিপ্তৰ উত্তৰীয় উপকূলত, ডামিয়েট্টা আৰু পৰ্ট ছেইডৰ ওচৰত, সন্ধিয়া সময়ত পৰিয়ালবোৰ একত্ৰিত হয়। ৰ’দে সাগৰত ৰঙা ৰং সানি দিয়াৰ দৰে হয়, তেওঁলোকে বালিত আঠু কাঢ়ি এক আৰু দুই লিটাৰৰ বটলত চাউল, মাহ আৰু শুকান খেজুৰ ভৰায়।

এটা শিশুয়ে চিঠি লিখি ভিতৰত সুমাই দিয়ে – “তোমালোক অকলে নহয়”। ম্লান হৈ অহা পোহৰত বটলবোৰে জিলিকি উঠে, পূবলৈ উটি যায়, সম্ভৱতঃ ৭২ৰ পৰা ৯৬ ঘণ্টাৰ ভিতৰত, সাগৰৰ সোঁতে ইয়াক গাজাৰ সাগৰপাৰলৈ লৈ যাব পাৰে ।কোনেও নাজানে এই বটলবোৰ গাজা পাবনে। কোনেও নাজানে ইজৰাইলী নৌসেনাই ধৰি পেলাবনে নাইবা সাগৰৰ তলত হেৰাই যাব। কিন্তু এই কাৰ্য্যত এটা নম্ৰতা আছে – এটা স্বীকৃতি যে চৰকাৰবোৰে ব্যৰ্থ হ’লেও মানৱতাৰ এক সামান্য কাৰ্য্যই অৰ্থ বহন কৰে।গাজাত আজি ভোকৰ ৰাজত্ব। ৰাষ্ট্ৰসংঘই সতৰ্কবাণী জাৰি কৰিছে যে ইজৰাইলৰ অবিৰত অবৰোধৰ বাবে ইজিপ্ত-গাজা সীমাত ৯৫০ খন সহায়ৰ ট্ৰাক ৰৈ আছে। বিশ্ব খাদ্য কাৰ্যসূচীৰ মতে, গাজাৰ ৯৬% জনসংখ্যাই তীব্ৰ খাদ্য অসুৰক্ষাৰ সন্মুখীন হৈছে – শিশুৰ পেটবোৰ অপুষ্টিত ফুলি উঠিছে, মাতৃসকলে সন্তানক স্তন্যপান কৰাব পৰা নাই ।

বোমাৰ আঘাতত জৰ্জৰি পৰা চিকিৎসালয়বোৰত মৃত্যুপথগামীৰ চিকিৎসাৰ বাবে সামগ্ৰী নাই। এইয়া কোনো প্ৰাকৃতিক দুৰ্যোগ নহয় – এইয়া এটা মানৱসৃষ্ট বিপৰ্যয়, যুদ্ধাপৰাধ, যিটো কেৱল ইজৰাইলৰ নীতিয়েই নহয়, অস্ত্ৰ যোগান ধৰা, কূটনৈতিক সুৰক্ষা দিয়া বা চকু উজালি থকা বিশ্ব চৰকাৰবোৰৰ সহযোগিতাত সম্ভৱ হৈছে ।বটল আৰু খেজুৰ গছ: বিশ্বাসৰ এক প্ৰতীকী কাৰ্য্যএই মুহূৰ্তোৱে কোৰআনৰ এক গভীৰ দৃশ্যক সোঁৱৰাই আনে – যেতিয়া মাৰিয়ম (আঃ) সন্তান জন্মৰ পিছত ক্লান্ত আৰু একাকী অৱস্থাত আল্লাহৰ পৰা আদেশ পালে যে খেজুৰ গছৰ গুৰিত ধৰি জোৰেৰে লৰাই দিবলৈ । তেওঁৰ শক্তিৰ বাবেই নহয়, বৰঞ্চ তেওঁৰ আত্মসমৰ্পণ আৰু বিশ্বাসৰ বাবেই আল্লাহৰ ৰহমত নামি আহিছিল।

আজি, ইজিপ্ত, টিউনিছিয়া, লিবিয়া আৰু অন্যান্য দেশৰ সাগৰপাৰৰ মানুহবোৰে তেওঁলোকৰ নিজৰ প্ৰতীকী গছজোপা লৰাবলৈ চেষ্টা কৰিছে। কোনো সৈন্য, কোনো ক্ষমতা, কোনো নিশ্চয়তা নোহোৱাকৈ, তেওঁলোকে সাগৰলৈ বটল উটুৱাই দিছে – বটলত ভৰোৱা খাদ্য, আশা আৰু প্ৰাৰ্থনা। তেওঁলোকে নাজানে যে সাগৰৰ সোঁতে এইবোৰ গাজালৈ লৈ যাবনে, কিন্তু তেওঁলোকে কাৰ্য্য কৰিছেই। কিয়নো যেতিয়া অন্যায়ে ৰাজ কৰে আৰু চৰকাৰবোৰে মৌনতা অৱলম্বন কৰে, তেতিয়া এটা সামান্য অভিব্যক্তিয়েও প্ৰতিবাদৰ ৰূপ লয় – আৰু ইয়াৰ লগতে এয়া হৈ পৰে ঐশ্বৰিক হস্তক্ষেপৰ এক আহ্বান ।কেৱল প্ৰতীক নহয়: এক বাস্তৱিক বিদ্ৰোহৰ আহ্বানএই বটলবোৰ হৈছে বিশ্বৰ নীৰৱতাৰ এক জ্বলন্ত প্ৰতিবাদ, ইজৰাইলী নৌ-অবৰোধৰ বিৰুদ্ধে দীৰ্ঘদিনীয়া সংগ্ৰামৰ এক আধুনিক ৰূপ। ২০১০ চনৰ মাভি মাৰ্মাৰা জাহাজৰ দৰে, বা বৰ্তমানৰ মেডলাইনৰ হানজালা জাহাজৰ দৰে, এই বটলবোৰে বৰ্তমানৰ অমানৱিক অৱস্থাক অস্বীকাৰ কৰিছে। ইয়াৰ দ্বাৰা গাজাৰ সমস্যাৰ সমাধান নহ’ব – কিয়নো তাত হাজাৰ হাজাৰ টন সহায়ৰ প্ৰয়োজন – কিন্তু ই হৈছে এক শক্তিশালী প্ৰতীক, জাতিসমূহৰ বিবেক জাগ্ৰত কৰাৰ এক উপায়।মৰক্কোৰ পৰা টিউনিছিয়ালৈ, আলজেৰিয়াৰ পৰা লিবিয়ালৈ – এই আহ্বান বিয়পি পৰিছে: আমাৰ লগত যুক্ত হওক, আপোনাৰ বটল পঠিয়াওক, সাগৰক আমাৰ সমষ্টিগত মানৱতা তেনেই প্ৰয়োজনীয় লোকসকলৰ ওচৰলৈ লৈ যাবলৈ দিয়ক।এই ট্ৰেজেডিৰ মূলত আছে এক নিৰ্মম বাস্তৱতা: যেতিয়া চৰকাৰবোৰৰ হাতত এই সংকট সমাধানৰ ক্ষমতা আছে?কিয় সাধাৰণ মানুহে, বটলৰ দৰে প্ৰতীকী কাৰ্য্যৰ আশ্ৰয় ল’ব লাগে, গাজাৰ অবৰোধ কেৱল ইজৰাইলৰ কাম নহয়; যিসকলে মানৱাধিকাৰৰ পক্ষত থিয় দিবলৈ দাবী কৰে, তেওঁলোকৰ নীৰৱতাই ইয়াক বৰ্তাই ৰাখিছে।

আমেৰিকা যুক্তৰাষ্ট্ৰ, ইউৰোপীয় সংঘ আৰু আন যিসকলে ইজৰাইলক অস্ত্ৰ যোগান ধৰে বা সুৰক্ষা দিয়ে, তেওঁলোকৰ মূৰত এক নৈতিক দাগ লাগি আছে। তেওঁলোকৰ নেতাসকলে সন্মিলনত অংশগ্ৰহণ কৰে, বিবৃতি দিয়ে আৰু ভাও জুৰি চিন্তা দেখুৱায়, কিন্তু গাজাৰ শিশুৱে ভোকত মৰি থাকেগৈ। আন্তঃৰাষ্ট্ৰীয় ফৌজদাৰী আদালতে ইজৰাইলী বিষয়া, য’ত প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুও অন্তৰ্ভুক্ত,ৰ বিৰুদ্ধে যুদ্ধাপৰাধৰ অভিযোগত গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে, তথাপিও অবৰোধ অব্যাহত আছে, আৰু বিশ্বৰ শক্তিশালী ৰাষ্ট্ৰবোৰে একো কৰা নাই। এই নৃশংসতাৰ মূল্য কেৱল গাজাই নহয়, ই জড়িত সকলোকে কলুষিত কৰে। ইজৰাইলী ৰক্ষীবাহিনীৰ সৈন্যসকলৰ মানসিক স্বাস্থ্যৰ সংকট, কেইবাজনোৰ আত্মহত্যাৰ ঘটনাই এটা নিপীড়নমূলক ব্যৱস্থাৰ ফাটবোৰ উন্মোচন কৰিছে। নেতানিয়াহুৱে যিমানেই দুৰ্দম্য আৰু অনমনীয় ভাৱে ক্ষমতা প্ৰদৰ্শন কৰক, এই অপৰাধবোৰৰ ভাৰ চিৰদিনলৈ উপেক্ষা কৰিব নোৱাৰি। ভূমধ্য সাগৰত উটি ফুৰা এই বটলবোৰ তেওঁলোকৰ চৰকাৰ আৰু ইয়াৰ সহায়কাৰীসকলৰ বাবে এখন আৰ্চীৰ দৰে, যিয়ে এক অনিবাৰ্য সত্য প্রতিফলিত কৰিছে: এটা জনগোষ্ঠীক ভোকৰ দ্বাৰা আত্মসমৰ্পণত বাধ্য কৰিব নোৱাৰি – এনে কৰোতে নিজৰ মানৱতাকো হেৰুৱাব লাগিব।বিশ্ব বিবেকৰ প্ৰতি আহ্বান: গাজাৰ অবৰোধ আজিয়েই উঠাওকএইয়া বিশ্বৰ চৰকাৰসমূহৰ প্ৰতি, বিশেষকৈ যিসকলে আজিও ন্যায় আৰু মৰ্যাদাৰ মূল্য বুজে বুলি দাবী কৰে, তেওঁলোকৰ প্ৰতি এক জৰুৰী আহ্বান: গাজাৰ অবৰোধ আজিয়েই উঠাওক।

সীমান্ত মুকলি কৰক। সহায়ৰ ধাৰা অব্যাহত ৰাখক। এই বটলবোৰে সোঁৱৰাই দিয়ে যে অন্ধকাৰতম সময়তো মানৱতা জীয়াই থাকে, কিন্তু এই প্ৰতীকী কাৰ্য্য যথেষ্ট নহয়। দুই নিযুত মানুহক প্ৰতীকৰ দ্বাৰা পেট পূৰাব নোৱাৰি। কেৱল সাহসী, নীতিসন্মত আৰু তাৎক্ষণিক কাৰ্য্যেহে এই অত্যাচাৰমূলক ব্যৱস্থাৰ অন্ত পেলাব পাৰে।আপুনি যদি মানুহ হৈ থাকে, যদি জীৱনৰ পবিত্ৰতাত বিশ্বাসী, তেন্তে কাৰ্য্য কৰক। ইজৰাইলক অবৰোধ উঠাবলৈ চাপ দিয়ক। এই কষ্টৰ বাবে দায়ীসকলক জবাবদিহিতাৰ সন্মুখীন কৰক। এই বটলবোৰক ন্যায়ৰ পৰিৱৰ্তে, এক সতৰ্কবাণী হিচাপে গ্ৰহণ কৰক।সাগৰৰ সোঁতত, বটলবোৰ উটি থাকে – পাতল কিন্তু দৃঢ়। ইয়াৰ ভিতৰত আছে চাউল, মাহ, খেজুৰ আৰু ইয়াতকৈয়ো বেছি গুৰুত্বপূৰ্ণ এক বাৰ্তা সেয়া হ’ল আশা, অপেক্ষা আৰু মানৱতা ।

Editor One

Add comment

Follow us

Don't be shy, get in touch. We love meeting interesting people and making new friends.

Most popular

Most discussed