Where Faith Leads to Fulfillment.

আত্মহত্যাঃ মানসিক হতাশাৰ এক অন্যতম কাৰন

ইছলামত হতাশাৰ কোনো স্থান নাই। জীৱনৰ প্রতি নিৰাশ হোৱা আৰু নিজক কষ্ট দিয়াক- ইছলামত কঠোৰভাৱে নিষিদ্ধ। তাৰ পাছতো বহু মুছলিম নৰ-নাৰীয়ে নিৰাশ হৈ আত্মহত্যাৰ পথ বাছি লয়। বর্তমান বিশ্বত মানুহৰ মৃত্যুৰ ২০টা কাৰণৰ মাজত এটা অন্যতম কাৰণ হ’ল আত্মহত্যা। প্রতি ৪০ ছেকেণ্ডত বিশ্বৰ ক’ৰবাত নহয় ক’ৰবাত কোনোবা নহয় কোনোবা আত্মহত্যা কৰে। *বিশ্ব স্বাস্থ্য সংস্থা* ৰ ৰিপোর্ট অনুযায়ী, বছৰী প্রায় আট লাখ মানুহে আত্মহত্যা কৰে। বিশেষতঃ ১৯ ৰ ২৫ বছৰ বয়সৰ যুৱক-যুৱতী সকলে বেচি আত্মহত্যা কৰে বুলি জনা যায়

যি মানৱতাৰ কাৰণে এক অপূৰণীয় ক্ষতি।বিশ্বত বছৰি আত্মহত্যাৰ হাৰ প্ৰায় 800 000 তকৈ অধিক। প্রতি বছৰে আত্মহত্যাৰ ঘটনা বাঢ়ি আহিছে আৰু গঢ় হিচাপত প্রতিদিন ৩০ জনে আত্মহত্যা কৰে। বিশেষজ্ঞ সকলৰ মতে, *আত্মহত্যাৰ অন্যতম কাৰণসমূহ হ’ল মানসিক হতাশা আৰু বিষণ্ণতা, দাম্পত্য জীৱনত অশান্তি, যিকোনো সম্পর্কত অনৈক্য, দাৰিদ্র্য, বেকাৰত্ব, মানসিক স্বাস্থ্য সম্পর্কত অসচেতনতা আৰু পাৰিপার্শ্বিক অসহযোগিতা’।*

World Health organization (WHO)- ৰ ৰিপোর্ট অনুযায়ী বিশ্বত প্রতি ২ ছেকেণ্ডত এজনে আত্মহত্যাৰ চেষ্টা কৰে আৰু প্রতি *৪০* ছেকেণ্ডত এজন আত্মহত্যাত সফল হয়। উক্ত সংস্থাৰ হিচাপ অনুযায়ী *২০১১* চনত আত্মহত্যাত বিশ্বৰ ভিতৰত ভাৰতৰ স্থান আছিল *১৬তম* , বৰ্তমান *সেয়া 22তম* হয় গৈ। অর্থাৎ প্রতি বছৰত আত্মহত্যাৰ সংখ্যা দ্রুতগতিত বাঢ়ি আছে। আমাৰ চৰকাৰী হিচাপত দেখা যায় যে দেশৰ উঠি অহা যুৱশক্তিৰ মাজত আত্মহত্যাৰ প্রৱণতা সবাতোকৈ বেছি। যি অত্যন্ত ভয়ংকৰ। যিসকল দেশৰ মেৰুদণ্ড আৰু আগন্তক দিনৰ ভবিষ্যৎ, তেওঁলোকেই যদি আত্মহত্যা কৰে, তেন্তে দেশৰ চালিকাশক্তি কোন হ’ব?

■ আত্মহত্যাৰ কাৰণ আৰু প্রকৃতি: দৈনন্দিন খবৰৰ কাগজ পঢ়িলেই আত্মহত্যাৰ শিৰোনাম চকুত ভাহি উঠে। আত্মহত্যাৰ বিভিন্ন কাৰণ থাকিব পাৰে। সাংসাৰিক কলংক, বন্ধু-বান্ধবৰ লগত কাজিয়া, অতিৰিক্ত খং, মনে বিচৰা বস্তুটো লাভ কৰিব নোৱাৰা, নিৰাশা, লজ্জা আৰু মান হানিকাৰক কিবা ঘটি যোৱা বা অপ্রত্যাশিতভাৱে কিবা প্রকাশ হোৱা, অভাৱ আৰু দাৰিদ্র্যতাৰ ওচৰা-ওচৰি বিভিন্ন প্রকাৰ শাৰীৰিক আৰু মানসিক অসুখ-বিসুখত জর্জৰিত হোৱাৰ কাৰণেও আত্মহত্যা কৰিব পাৰে। ইয়াৰোপৰি, আৰু বহুতো কাৰণ আমাৰ সমাজত আছে যেনে- স্বামী-স্ত্রীৰ মাজত মনোমালিন্য, যৌতুকৰ কাৰণে কাজিয়া-বিবাদ, পিতৃ-মাতৃ আৰু ল’ৰা-ছোৱালীৰ মাজত মনোমালিন্য আৰু গালি-শপনি, পৰীক্ষাত ব্যর্থতা, প্রেম-বিৰহ, ব্যৱসায়ত বাৰে বাৰে ব্যর্থ হোৱা, আঘাতৰ যন্ত্রণা সহ্য কৰিব নোৱাৰা।

★ আত্মহত্যাৰ পৰকালীন শাস্তি: ৰাছুল ছাঃয়ে কৈছে, যিয়ে পাহাৰৰ ওপৰৰ পৰা জপিয়াই আত্মহত্যা কৰিব, সি জাহান্নামৰ জুইত জ্বলিব আৰু চিৰকাল সি জাহান্নামৰ ভিতৰত এনেকৈয়ে জপিয়াই থাকিব। যিয়ে বিষপান কৰি আত্মহত্যা কৰিব, সি জাহান্নামৰ জুঁইৰ মাজত বিষ তাৰ হাতত থাকিব, চিৰকাল সি জাহান্নামৰ মাজত সেয়া পান কৰি থাকিব। যিয়ে লোহাৰ আঘাতত আত্মহত্যা কৰিব, জাহান্নামৰ জুইৰ মাজত সেই লোহা তাৰ হাতত থাকিব, চিৰকাল সি সেইটোৰে নিজৰ পেটত আঘাত কৰি থাকিব।

■ আত্মহত্যাৰ বিষয়ত আল্লাহৰ নিষেধাজ্ঞাসমূহ মনত ৰখা উচিত:

★মানুহৰ জীৱন-মৃত্যু আল্লাহৰ হাতত নির্ধাৰিত। এই সময়ৰ কোনো পৰিৱর্তন নহয়। মহান আল্লাহই চুৰাহ আ’ৰাফৰ ৩৪নং আয়াতত কৈছে,( *وَلِكُلِّ أُمَّةٍ أَجَلٌ ۖ فَإِذَا جَاءَ أَجَلُهُمْ لَا يَسْتَأْخِرُونَ سَاعَةً ۖ وَلَا يَسْتَقْدِمُونَ* ) “প্ৰত্যেক জাতিৰ বাবে এটা নিৰ্দিষ্ট সময় আছে। এতেকে, যেতিয়া সিহঁতৰ নিৰ্দিষ্ট সময় আহিব তেতিয়া সিহঁতে এক পল পলম কৰিব নোৱাৰিব আৰু এটা মুহূৰ্তও আগুৱাই আনিব নোৱাৰিব।” চুৰাহ আন নিছাৰ ২৯নং আয়াতত আল্লাই কৈছে, ( *يا أَيُّهَا الَّذِينَ آمَنُوا لا تَأْكُلُوا أَمْوالَكُمْ بَيْنَكُمْ بِالْباطِلِ إِلاَّ أَنْ تَكُونَ تِجارَةً عَنْ تَراضٍ مِنْكُمْ وَلا تَقْتُلُوا أَنْفُسَكُمْ إِنَّ اللهَ كانَ بِكُمْ رَحِيماً)* “হে মুমিনসকল! তোমালোকে ইজনে সিজনৰ সম্পত্তি অন্যায়ভাৱে গ্ৰাস নকৰিবা; কিন্তু পাৰস্পৰিক সন্মতিত ব্যৱসায়-বাণিজ্যৰ মাধ্যমত হ’লে সেয়া ভিন্ন কথা; আৰু নিজেই নিজকে হত্যা (আত্মহত্যা) নকৰিবা; নিশ্চয় আল্লাহ তোমালোকৰ প্ৰতি পৰম দয়ালু।

■ মৃত্যু কামনা নকৰা: *عن أَنَسٍ -رضي الله عنه- قَالَ: قَالَ رَسُولُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ: لَا يَتَمَنَّيَنَّ أَحَدُكُمُ الْمَوْتَ لِضُرٍّ نَزَلَ بِهِ، فَإِنْ كَانَ لَا بُدَّ مُتَمَنِّيًا فَلْيَقُلْ: اللهُمَّ أَحْيِنِي مَا كَانَتِ الْحَيَاةُ خَيْرًا لِي، وَتَوَفَّنِي إِذَا كَانَتِ الْوَفَاةُ خَيْرًا لِي* আনাছ ৰাঃয়ে কৈছে, ৰাছুল ছাঃয়ে ইৰস্বাদ কৰিছে, “তোমালোকৰ কাৰোবাৰ কিবা বিপদ বা কষ্ট হ’লে সি যাতে মৃত্যু কামনা নকৰে। যদি কোনোবাই এনেকুৱা কৰিব খোজে; সি যাতে কয়, হে আল্লাহ তুমি মোক জীৱিত ৰাখা, যিমানদিন পর্যন্ত জীৱিত ৰাখা মোৰ কাৰণে কল্যাণকৰ আৰু যেতিয়া মোৰ কাৰণে মৃত্যু কল্যাণকৰ তেতিয়া মোক মৃত্যু দিয়া।”

■ তক্বদীৰক বিশ্বাস কৰা: তাক্বদীৰত বিশ্বাস কৰা অতি জৰুৰী বিষয়। কিয়নো তাক্বদীৰত যি লিখা আছে সেইটো হ’বই। মহান আল্লাহই কৈছে, “কোৱা, ‘আমাৰ লগত কেৱল সেইটোৱে ঘটিব যিটো আল্লাহে আমাৰ বাবে লিখি ৰাখিছে; তেৱেই আমাৰ অভিভাৱক; আৰু আল্লাহৰ ওপৰতে মুমিনসকলে নিৰ্ভৰ কৰা উচিত!'”চুৰাহ তাওবাহ আয়াত ৫১।

■ নিৰাশ নোহোৱা:* মহান আল্লাই কয়,يا عبادي اللذين اسرفوا علي انفسهم لا تقنتوا من رحمة الله* (সিহঁতক) জনাই দিয়া, ‘হে মোৰ বান্দাসকল! তোমালোকৰ যিসকলে নিজৰ ওপৰত অন্যায় কৰিছা, আল্লাহৰ অনুগ্ৰহৰ পৰা নিৰাশ নহ’বা, নিশ্চয় আল্লাহে সকলো পাপ ক্ষমা কৰি দিব। নিশ্চয় তেওঁ পৰম ক্ষমাশীল, পৰম দয়ালু’। চুৰাহ ঝুমৰ আয়াত ৫৩)

চয়তান মানুহৰ প্রকাশ্য শক্র। সি মানুহৰ জীৱন যুদ্ধত হতাশা আৰু বিষণ্ণতাৰ সুযোগ ওয়াছওয়াছাঁ দি প্রাণহৰণৰ আপ্রাণ চেষ্টাত লিপ্ত হয়। আল্লাহৰ প্রতি অগাধ বিশ্বাস আৰু ভাগ্য বিশ্বাসী মুমিনৰ লগত কেতিয়াও সি জয়ী হব নোৱাৰে। সেয়েহে আমি নিৰাশ নহৈ আমি ধৈৰ্য্য ধৰিব লাগে কিয়নো নিশ্চয় আল্লাহ তায়ালা ধৈৰ্য্যকাৰীসকলৰ লগত আছে।

Editor One

Add comment

Follow us

Don't be shy, get in touch. We love meeting interesting people and making new friends.

Most popular

Most discussed