Where Faith Leads to Fulfillment.

চৰকাৰৰ আচ্ছে দিন কেতিয়া আহিব ?

হয় মই এজন স্বাধীন ভাৰতৰ নাগৰিক। মোৰ জাতীয় পিতৃ মহাত্মা গান্ধীৰ নেতৃত্বত ১৯৪৭ চনৰ আগষ্টত যি এখন বৈপ্লৱীক বিজয় সাব্যস্ত কৰিছে তাৰ বাবে মই আজিও এজন ভাৰতীয় হিচাপে গৰ্ববোধ কৰো। কিন্তু চিপাহী বিদ্ৰোহৰ পৰা আৰম্ভ কৰি ব্ৰিটিছ সকলৰ বিৰুদ্ধে যুদ্ধ কৰি প্ৰাণ আহুতি দিয়া প্ৰত্যক ভাৰতীয় যোজাৰু সকলৰ প্ৰতি শ্ৰোদ্ধা আৰু নিবেদন দিনে দিনে বাঢ়িয়েই যাবলৈ ধৰিছে। মোৰ হৃদয়ৰ একফালে যদি এতিয়া ভগত সিং পাণ্ডে বাস কৰে তেনেহলে আনফালে শ্বেৰে-মায়ছুৰ(মহিছুৰ) টিপু চুলতান বাস কৰে। মোৰ মণত আজিও ৰবীন্দ্ৰ নাথ ঠাকুৰ আৰু কবি নজৰুল ইছলামৰ সংগীতবোৰ অভিভূত কৰি তোলে।

হয় আজিওঁ নেতাজী সুবাস চন্দ্ৰৰ শ্লোগান –মোক তোমালোকে তেজ দিয়া মই তোমালোকক স্বাধীনতা দিম, চৰম পন্থী উক্তিবোৰে মোৰ শৰীৰৰ নোমবোৰক জাগ্ৰত কৰি পেলায়। যেন মই দেশৰ কাৰণে শ্বহীদ হবলৈ উদয়মান হৈ পৰো। ভাৰতৰ সংবিধান হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ সংবিধান। যাৰ মূল নীতিয়েই হৈছে- সম-অধিকাৰ আৰু মৌলিক অধিকাৰ। মই আজি মুকলি আকাশৰ তলত মুক্ত। কিন্তু কেতিয়াবা এনেকুৱা মনোভাৱ কিয় যে মই স্বাধীন হৈয়ো পৰাধীনতাৰ বলি হৈ আছে। এতিয়ালৈতে যদিওঁ প্ৰাপ্ত বয়স্ক হোৱা নাই, তথাপিওঁ কিছুমান প্ৰশ্নবোৰে মোক কুটি কুটি খায় আছে যে কিয় মোক বেলেগৰ বেয়া কু-মন্তব্য শুনিব লগীয়া হৈছে। কিয় মোক ৰাজনৈতিক নেতাসকলৰ পৰা অবৈধ বাংলাদেশী বুলি মিথ্যা অভিযোগ শুনিব লগীয়া হৈছে। মই মিয়া হোৱা হেতুকে কিয় মোক কু-নজৰ আৰু ঠাট্টা-মস্কাৰা শুনিব লগীয়া হৈছে। প্ৰতিদিনতে নিৰ্যাতনৰ বলি হোৱা মোৰ গোটেই ভাৰতৰ মা-ভনী সকলৰ নিৰাপত্তা এতিয়ালৈকে কিয় দিয়া হোৱা নাই? এয়া অহেতুক প্ৰশ্ন কেৱল মোৰ বাৱেই তেনেকুৱা নহয়, মোৰ নিচিনা হেজাৰ হেজাৰ যুৱকৰ মাজত থকা অকথিত প্ৰশ্নবোৰ যিকোনো মাধ্যমত প্ৰকাশ নাপায়।

মোৰ নিচিনা যিসকলে নিজৰ ভবিষ্যতৰ চিন্তা কৰাৰ সময়,সেই সময়ত স্বাধীনতা আৰু মৌলিক অধিকাৰৰ বাবে কিয় সংগ্ৰাম কৰিব লগীয়া হৈছে? গোটেই জগতত কিয় মোৰ সম্প্ৰদায় অত্যাচাৰৰ বলি হব লগীয়া হৈছে। ৰাতিপুৱা সূৰ্য্যৰ ৰশ্মিৰে নহয়, মধ্য প্ৰাচ্যৰ ভিন্ন দেশত বোম, গোলা বাৰুদৰ শব্দৰে আৰম্ভ হয়। মোৰ প্ৰশ্ন কিয় তেওঁলোকক শিক্ষা-ব্যৱস্থাৰ পৰা বঞ্চিত কৰা হৈছে। যিদৰে এজাক মুক্ত পাখীৰ দৰে উৰি ফুৰি ভালপোৱা কোমল হৃদয়ৰ মনবোৰত জাগ্ৰত হোৱা কণ কণ শিশুবোৰৰ আশাৰ বিৰিঙনিত কিয় এক অন্ধকাৰময় জীৱনৰ ফালে গতি কৰিব লগীয়া হৈছে। আমাৰ দেশ ভাৰতৰ নিচিনা প্ৰাভাৱশালী দেশত যিসময়ত উন্নয়নৰ আগশাৰীত নাম আহে তাতে কিয় হাজাৰ হাজৰ শিশুশ্ৰমিক দিনে দিনে বাঢ়ি গৈ আছে। কংগ্ৰেছ চৰকাৰৰ কালত এটা বস্তু পৰ্যবেষণ কৰিবলৈ পাৰিছিলো যে যদিও তেওঁলোকে উন্নয়ণ কৰাৰ ক্ষেত্ৰত পিছ পৰি আছিল, তথাপিও মই মোৰ ধৰ্মৰ বহুতো ক্ষেত্ৰত স্বাধীন বুলি ভাবিছিলো।এয়া এক বিদাৰক ঘটনা যে,কিছুমান মানুহে জাতিৰ পিতা মহাত্মা গান্ধীয়ে গ্ৰহন কৰা আদৰ্শ নীতিবোৰ একাংসই মানি ল’ব পৰা নাছিল ।

তেওঁ নিৰপেক্ষ হোৱা হেতুকে *ছাবাৰাকাৰ* নিচিনা মানুহৰ লগত এক গোট হৈ পঢ়িল। গান্ধিজীক *নাথুৰাম গডছেৰে* হতুৱাই তেওঁক শ্বহীদ কৰা হল। মই কিছুমান অশুভ শক্তিৰ উত্থানৰ কাৰ্য্যক্ৰম দেখিবলৈ পাইছিলো যেনেকুৱা সেই সময়ত কংগ্ৰেছ চৰকাৰক উফৰাই পেলাবলৈ কিছুমানে ৰাজনৈতিক ইছ্যু বিচাৰী আছিল। সেয়েহে মই প্ৰশংসা কৰিব লাগিব সেই সময়ৰ মহাৰথীবোৰক যি সকল নিপুন বুদ্ধিৰে আগবাঢ়ি গৈ আছিল । তেওঁলোকৰ ভিতৰত সৰ্বপ্ৰথমেই নাম আহে *এল,কে,আদৰৱানি, মুৰলী মনোহৰ যোশী আৰু উমা ভাৰতীৰ নিচিনা বহুতো বৰ্তমানৰ বিজেপীৰ বয়োজেষ্ট নেতাসকল।* একাংশই বেয়া পালেওঁ কথাটো সত্য , সেয়েহে আল্লাহৰ বাহিৰে কাৰো প্ৰতি ভয় নাৰাখো। কংগ্ৰেছ চৰকাৰে secular ধৰ্ম নিৰপেক্ষ হোৱা হেতুকে ইয়াক দমন কৰাটো বহুত জৰুৰী হৈ পৰিছিল।বিভিন্ন সংঘৰ্ঘ আৰু আতংকৰে সেই চৰকাৰৰ প্ৰতি মানুহৰ পৰা মোহভঙ হবলৈ একাংশই আপ্ৰাণ চেষ্টা চলাই গৈ আছিল।

আৰু তেওঁলোকৰ প্ৰথমটো ৰাজনৈতিক ইছ্যু বিচাৰী পাইছিল সেয়া হৈছে *ৰাম মন্দিৰ।* *ৰাম মন্দিৰ আৰু ইয়াৰ এক বিশ্লেষণঃ* *১৯৮৮ মাত্ৰ ২ টা* ছিট দখলেৰে জন্ম লাভ কৰা বিজেপি দল চৰকাৰ গঠন কৰিবলৈ তেওঁলোকে ভাৰতৰ নিচিনা সাধাৰণৰ মাজত মাত্ৰ *ধৰ্মীয় মেৰুকৰণ তথা হিন্ধুতাবাদী চিন্তাধাৰা ৰাখিব লগীয়া হৈছিল।* এইটো তেওঁলোকে ভালধৰে বুজি সকলো ধৰণৰ pre planned আগৰ পৰাই তৈয়াৰ কৰি থোৱা পৰিকল্পনাৰে আগবাঢ়িছিল। *১৯৯২* চনত *এল কে আদৱানিৰ* নেতৃত্বত ৰথ যাত্ৰা উলিওৱা হৈছিল, আৰু সেই দিনাই অবৈধভাৱে বাবৰী মছজিদক শ্বহীদ কৰা হৈছিল। অকল সেই সংঘৰ্ষৰ ফলত গোটেই ভাৰতবৰ্ষত অগণন নিৰীহ মুছলমানে প্ৰাণ দিব লগা হৈছিল। সেই বিলাক কথাত নাযাওঁ , তেওঁলোকৰ এনেকুৱা এটা ধাৰণা স্তাপিত কৰাইছিল যে মোগল সম্ৰাট বাবৰে ৰাম মন্দিৰ ধবংস কৰি বাবৰি মছজিদ বনাইছিল। হয়, এইটো সঁচা যে ভাৰতীয় হিন্দুসকলৰ বিশ্বাসমতে শ্ৰী ৰামৰ অযোধ্যাত জন্ম হৈছিল।

আৰু বাবৰি মছজিদখনো সেই অযোধ্যাত আছিল। কিন্তু যিসকলে দাবী কৰে যে ৰাম জন্মভূমী তথা যত পৰৱৰ্ত্তীত ৰাম মন্দিৰ ভাঙি বাবৰি মছজিদ বনোৱা হৈছিল তাৰ কোনো তথ্য বা কোনো প্ৰমান তেওঁলোকৰ হাতত আছেনে ?। নাই, ভাৰত চৰকাৰে বাবৰি মছজিদত অনুসন্ধান চলাবলৈ *ভাৰতীয় পুৰাতত্ব অনুসন্ধানকাৰী দল* এটাক অনুসন্ধান চলাবলৈ দিছিল, তেওঁলোকে মাথোন এটা পাথৰল পাইছিল যিটো কোনো ইছলামিক পুৰাতত্বৰ সৈতে খাপ নাথায় আনকি সেই পাথৰৰ ভগ্নাংশটো কোনো মন্দিৰৰো নহয় বুলি চিহ্নিত হোৱাত তেওঁলোকে চৰকাৰক জানিবলৈ দিয়ে । ইতিহাসত সাক্ষী আছে যে মোগলে ভাৰতত ইমান দীৰ্ঘ সময় জুৰি ( প্ৰায় পাচঁশ বছৰতকৈ অধিক ) শাসন কৰিছিল। সকলোৰ মাজত ন্য়ায় প্ৰদানেৰে ধৰ্মৰ ভেদাভেদ নাৰাখি ধৰ্মীয় সহিষ্ণুতা বজাই শাসন কৰিছিল। তেওঁলোকে জানিছিল যে মানুহৰ মাজত ত্ৰাস, জোৰ-জুলুমেৰে অত্যাচাৰ চলোৱা ইছলাম ধৰ্মত একেবাৰেই নিষিদ্ধ। পয়গম্বৰ মোহাম্মদ (ছঃ) এ সকলো মুছলমান গৱৰ্ণৰ হওঁক বা কিম্বা বেলেগ মুছলমান জনসাধাৰণেও হওঁক বেলেগ ধৰ্মৰ প্ৰতি অসন্মান আৰু অত্যাচাৰ চলায় তেন্তে তেওঁ কঠোৰ শাস্তিৰ সম্মূখীন হব বুলি ঘোষণা কৰি দিছিল। গতিকে ইয়াৰ দ্বাৰা এটা কথা স্পষ্ট হৈ পৰিছে যে বৃহত মোগল সকলৰ ভাৱে কেতিয়াওঁ এটা মন্দিৰ ভঙাৰ প্ৰয়োজন হোৱা নাছিল।

মোগল সম্ৰাট আকবৰৰ আটাইতকৈ পছন্ধনীয় সেনাপতি ও উপদেশদেওতা *বীৰবল* এজন হিন্দু আছিল। আনকি তেওঁৰ একমাত্ৰ স্ত্ৰী জনেওঁ হিন্দু আছিল, তথাপিও তেওঁ স্বাধীন ভাৱে নিজ ধৰ্মৰ উপাসনা কৰিছিল। তেনেহলে কিয় বাবৰে ৰাম মন্দিৰ ধবংস কৰিব ?। এয়া মাত্ৰ এক ভিত্তিহীন মিথ্য অভিযোগহে, যাতে হিন্দু সকলোৰ ভোটবিলাক ভোট বেংকৰ ৰূপত পৰিণত কৰিব পাৰে। ইয়াত স্পষ্ট হৈ পৰিল যে বিজেপী দলৰ ৰাজনৈতিক সমীকৰণ কিছু বেলেগ ধৰণৰ। *আৰ, এছ, এছ আৰু বিশ্ব হিন্দু পৰিষদৰ* সহায়ত তেওঁলোকে বাবৰী মছজিদক কেন্দ্ৰ কৰি বিভিন্ন সংঘাত আৰু সংঘৰ্ষ চলোৱা হল। *২০০২ চনৰ গুজৰাট* সংঘৰ্ষৰ দৰে অকল্পনিত দৃশ্যই সকলো ভাৰতবৰ্ষৰ লগতে গোটেই বিশ্বত এক অসহিষ্ণুতাৰ প্ৰতিচ্ছবি দাঙি ধৰিলে। যদিওঁ ৰাম মন্দিৰৰ শুনানি কিয় নহল ?, ইয়াতেওঁ এটা ডাঙৰ ৰহস্য লুকাই আছে। এটাই লক্ষ্য আছিল যাতে তেওঁলোকে এইটোক লৈ ৰাজনীতি কৰিব পাৰে আৰু মানুহৰ মাজত তেওঁলোকৰ আস্থা ঘূৰাই আনিব পাৰে। এতিয়া ৰাম মন্দিৰৰ ইছ্যু যেতিয়া শেষ হৈ গল তেওঁলোকে কি বিষয় লৈ ৰাজনীতি কৰিব ? চিন্তা কৰাৰ কাৰণ নাই, কাৰণ তেওঁলোকৰ ওচৰত ভৱিষ্যতৰ ৫০ বছৰ মান পিছতেওঁ কেনেকুৱা অৱস্থাত ভাৰত হব লাগে তেওঁলোকৰ বলু প্ৰিন্টত ৰচিত হৈ আছে।

ৰাষ্ট্ৰীয় নাগৰিক পন্জী (nrc) ক লৈ অসমৰ সুখকৰ ৰিজাল্ট নাপাই ( citizenship amendment act) চমুকৈ কা খনক গতাই অসমীয়া ভাষাৰ অস্তিত্ত্বত এক প্ৰশ্নবোধক চিহ্ন আনিলে । বৃহত অসমীয়া জাতিক ধবংসৰ ফালে ঠেলি দি অসমৰ লগত প্ৰতাৰণা কৰিলে। কিছুমান দুমুখীয়া চৰিত্ৰৰ ভাৱে যেনে *অসম গন প্ৰদেশ পাৰ্টী* যি সময়ত তেওঁলোকে অসম চুক্তিৰ কাৰণে জাতীয় নায়ক হৈ চৰকাৰে গঠন কৰিলে আজি বিজেপীৰ ৰোষত পৰি নাইকিয়া হোৱাৰ পথত। মই আজিলৈকে বুজিবলৈ নাপালো যে *প্ৰজ্ঞা সিং সাধৱী* ৰ নিচিনা যিয়ে মালেগাওঁ বোমা বিস্ফোৰণৰ মূল অভিযুক্ত, যিয়ে নাথুৰাম গডছক জাতীয় পিতা বুলি দাবী কৰে কেনেকৈ সাংসদৰ এজন মেম্বাৰ হব পাৰে । মোৰ প্ৰশ্ন শিলাদত্য আৰু ৰঞ্জন বৰাৰ নিচিনা দেশৰ মাজত বিভিন্ন সময়ত সাম্প্ৰাদায়িক মন্তব্যৰে পৰিস্থিতি অশান্ত কৰি ৰখা বিজেপীৰ এজেন্টবোৰক এতিয়ালৈকে কিয় গ্ৰেফতাৰ কৰা হোৱা নাই। বিজেপীয়ে কেতিয়াওঁ শিক্ষিত অঞ্চলত ধৰ্মীয় গোৰামীৰে চৰকাৰ গঠন কৰিব নোৱাৰে, উদাহাৰণ স্বৰুপে ভাৰতৰ আটাইতকৈ শিক্ষিত ৰাজ্য কেৰেলাত এটা ছিট দখল কৰিব পৰা নাই। শিক্ষা হৈছে জাতিৰ মেৰুদণ্ড। শিক্ষানুষ্টানবোৰ হৈছে পৱিত্ৰ মন্দিৰ- মছজিদৰ নিচিনা। এই যোৱা বছৰত সংঘঠিত বিৰল ঘটনা,দেশৰ আগশাৰীৰ বিশ্ববিদ্যালয়বোৰ *জে, এন, ইউ আৰু আলীগড় মুছলিম বিশ্ববিদ্যালয়ত* দিল্লীৰ হিংসাৰ সময়ত কিছুমান হিংসাত্মক পাষণ্ডই শিক্ষাৰ্থীৰ লাইব্ৰাৰী, ক্লাস আৰু কোঠাবোৰ ভাঙি চুৰমাৰ কৰিল,লগতে ছাত্ৰ-ছাত্ৰীবোৰৰ ওপৰতো আক্ৰমণ চলালে। কিন্তু চৰকাৰে কি কৰিব পাৰিলে ? চৰকাৰে কি কৰিব আৰু উটচনিমূলক মন্তব্য **গোলী মাৰো ছালো কো* আন কোনোৱে নহয় স্বয়ং বিজেপীৰ ডাঙৰ নেতাই দিয়ে। মই চৰকাৰক প্ৰশ্ন কৰি আছো বিমুদ্ৰাকৰণৰ ফলে কেইজন মধ্যম আৰু দুখীয়াৰ শ্ৰেণীৰ ভাৰতীয় নাগৰিকে লাভৱান হল। ডিজিপীৰ হ্ৰাস এক ভয়ংকৰ ৰূপ দেখাই আছে। তাৰ সংখ্য ইমান তললৈ নামিছে যে গণনাই কৰিব নোৱাৰি, তাৰে মাজত ট্ৰাম্পক ভাৰতলৈ মাথোন স্বাগতম জনাবলৈ *১০০ কোটি* টকা কিয় খৰচ কৰা হল। সেইবোৰ টকাৰে ভাৰতৰ পৰা কিমান দূৰ্ভিষ আৰু গৰীবতা দূৰল কৰিব পাৰিলেহেঁতেন। প্ৰয়োজনীয় সামগ্ৰীৰ আকাশ লম্ভী দামৰ কাৰণে জনসাধাৰণে অস্থিৰ হৈ পৰিছে। খুবেই লাজৰ কথা যে চুবুৰীয়া *বাংলাদেশ, নেপাল, ভুটান* আদি দেশতকৈয়ো ভাৰত সকলো ক্ষেত্ৰতে পিছপৰি আছে সেয়া স্বাস্থ্য বিভাগ হওঁক বা উন্নয়ন ক্ষেত্ৰত।আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাই ভাৰতত স্বাধীনতা দিৱসৰ মূখ্য অতিথী হৈ আহি ভাষনত কৈছিল যে, যেতিয়ালৈকে ভাৰতত ধৰ্মীয় ভেদাভেদত লিপ্ত হৈ থাকিব তেতিয়ালৈকে উন্নতিৰ ফালে আগবাঢ়িব নোৱাৰে, সেয়েহে ভাৰত সকলো জাতিৰ মাজত ধৰ্মীয় বিভাজন পৰিহাৰ কৰি ঐক্যৰ সৈতে আগুৱাই যাব লাগিব। *freedom of expression* ৰ ভিত্তিত এটা কথা কব বিচাৰিছো যে চৰকাৰৰ আচ্ছে দিন আয়েগা এইবোৰ উক্তি নালাগে, আমাক ভাল দিনৰ সপোন দেখুৱাই থকা চৰকাৰে মাথোঁন (বছ ওহ পুৰাণা দিন লোটা দিজিয়ে) সেই পুৰনি দিনবোৰ উভতাই দিয়ক যত ভাৰতবৰ্ষত এজনো হিন্দু নাছিল, এজনো মুছলমান নাছিল মাত্ৰ এজন প্ৰকৃত ভাৰতীয় নাগৰিক আছিল। তেওঁলোকৰ মাজত কোনো ধৰ্মীয় ভেদাভেদ ৰখা নাছিল। “ *সবকা সাথ সবকা বিকাশ* “সত্যৰূপে আগবাঢ়ি গৈ আছিল।কোনো ভাৰতীয়ই মন কি বাত নহয় কাম কি বাত শুনাইছিল

Editor One

Add comment

Follow us

Don't be shy, get in touch. We love meeting interesting people and making new friends.

Most popular

Most discussed