Where Faith Leads to Fulfillment.

শ্বাওঁৱাল মাহৰ ৰোজাৰ বাস্তৱতা ও ইয়াৰ তাৎপর্যতা।

পৱিত্ৰ ৰমজান মাহৰ দীর্ঘদিনীয়া ছিয়াম সাধনাৰ সমাপনীত পৰৱৰ্তী মাহ “শ্বাওৱাল”ত অতিৰিক্ত ছয় ৰোজা পালন কৰা শ্বৰীয়ত অনুযায়ী মুচতাহাব। ইয়াৰ ফজিলত সন্দৰ্ভত প্ৰিয় নবী দঃৰ ঈৰশ্বাদ বৰ্ণিত যে :- عن أبي أيوب عن رسول الله صلى الله عليه وسلم قال :- من صام رمضان ثم أتبعه ستّا من شوال فذاك صيام الدهرহাদিছৰ অনুবাদ :- আল্লাহৰ ৰাছুল দঃ য়ে কৈছে : যিজনে ৰমজানৰ ছিয়াম (ৰোজা) সাধনা কৰিলে, লগতে পৰৱৰ্তী মাহ শ্বাওৱালৰ ছয় ৰোজা পালন কৰিব পাৰিলে, তেওঁ যেন গোটেইটো বছৰ ৰোজা পালন কৰিলে। এই হাদীছ পাকৰ এক গাণিতিক বিশ্লেষণ :- যিকোনো পূণ্যৰ কামৰ সন্দৰ্ভত ক্বোৰআন পাকৰ এক প্ৰসিদ্ধ সূত্র হ’ল : এটা নেক আমলৰ পৰিৱৰ্তে দহটা পূণ্য লিপিবদ্ধ কৰা হয়, সেই সাপেক্ষে ৰমজানৰ এক মাহৰ ৰোজাৰ পৰিৱৰ্তে অনবৰত দহ মাহ ৰোজা পালন কৰাৰ সমপৰিমান ছোৱাব অৰ্জিত হয়, ঠিক তেনেদৰে যিজনে শ্বাওৱাল মাহৰ ৬ দিনৰ ছিয়াম সাধন কৰিব তেওঁ ৬×১০=৬০ দিন অৰ্থাৎ অতিৰিক্ত সম্পূর্ণ দুমাহ ৰোজা পালনৰ ছোৱাব অৰ্জন কৰিব পাৰিব। সেই সূত্র অনুযায়ী ৰমজানৰ ৰোজাৰ বিনিময়ত অৰ্জিত দহ মাহৰ ৰোজাৰ সৈতে শ্বাওৱালৰ ৰোজাৰ বিনিময়ত অৰ্জিত ৬০ দিন অৰ্থাৎ দুমাহৰ ৰোজাৰ সংযোজন কৰিলে, হয় মুঠ ১২ মাহ অৰ্থাৎ সম্পূর্ণ ১ বছৰ। লিল্লাহিল হামদ্ ৱা বিল্লাহীত তাওঁফিক্ব। শ্বাওৱাল মাহৰ ৬ ৰোজা কেৱল পহিলা শ্বাওৱাল অৰ্থাৎ ঈদুল ফিতৰৰ দিনটোক বাদ দি শ্বাওৱাল মাহৰ ২ তাৰিখৰ পৰা আৰম্ভ কৰি উক্ত মাহ সমাপ্ত নোহোৱা লৈকে এই ছয় ৰোজা একেলেথাৰিয়ে বা পৃথক পৃথক ভাৱে আদায় কৰিব পাৰি। সেয়ে এনে ধৰণৰ ৰোজা পালন কৰিব পৰা টো নিশ্চয় এক পৰম সৌভাগ্যৰ বিষয়। গতিকে শ্বাওৱাল মাহৰ এই ছয় দিনৰ ছিয়াম

Editor One

Add comment

Follow us

Don't be shy, get in touch. We love meeting interesting people and making new friends.

Most popular

Most discussed